Show/Hide Keyboard Layout

আকাশী গংগা বিচৰা নাই

- ভূপেন হাজৰিকা

আকাশী গংগা বিচৰা নাই

নাই বিচৰা স্বর্ণ অলংকাৰ

নিষ্ঠুৰ জীৱনৰ সংগ্রামত

বিচাৰোঁ মৰমৰ মাত এষাৰ ।

 

মহা মহা সাগৰৰে

কতনা লহৰ লেখিলোঁ

মহা মহা নগৰীতে

কতনা বাট হেৰুৱালোঁ

মৰম জ্যোতিৰ পম খেদি খেদি

বোৱালোঁ গুপুতে অশ্রুধাৰ

নিষ্ঠুৰ জীৱনৰ সংগ্রামত

বিচাৰোঁ মৰমৰ মাত এষাৰ ।

 

হয়তো নিতৌ হেজাৰজনৰ

হেজাৰ শৰাই পাওঁ

তথাপি কিয় বিশেষজনৰ

মৰম বিচাৰি যাওঁ ।

মহা মহা নাট ঘৰে ঘৰে

কণ্ঠ-শোণিত নিগৰালোঁ

মহা মহা শ্রোতা-জনতাৰে

মুখত হাঁহি বিৰিঙালোঁ

ক্ষণিক মৌন পৰত কোনেনো

পাতলাব মোৰ দুখৰে ভাৰ

নিষ্ঠুৰ জীৱনৰ সংগ্রামত

বিচাৰোঁ মৰমৰ মাত এষাৰ ।

Hits: 1158